বৰ্ষপুতি আৰু নবাগত আদৰণী সভা

মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষপুতি আৰু নবাগত আদৰণী সভা যোৱা ইংৰাজী ১ ছেপ্টেম্বৰ,২০১৯ তাৰিখে অনুষ্ঠিত হৈ যায়৷ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি অধ্যক্ষ মহোদয়ে দিনজোৰা কাৰ্যসুচীৰ শুভাৰম্ভ কৰে৷ প্ৰথমতে আৰম্ভ হোৱা মুকলি সভাত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাস ডাঙৰীয়া, অতিৰিক্ত সহকাৰী আয়ুক্ত কমলজিত শৰ্মা, দলগাঁওৰ চাৰ্কোল অফিচাৰ শৰৎ গগৈ,মঙ্গলদৈ কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ শচীন্দ্ৰ চহৰীয়াকে ধৰি আমন্ত্ৰিত অন্যান্য অতিথিসকল৷ প্ৰতিষ্ঠা দিৱসৰ মূল আকৰ্ষণ আছিল অসমৰ সু সন্তান, পদ্মশ্ৰী, প্ৰসিদ্ধ বিজ্ঞানী আৰু উদ্ভাৱক উদ্বৱ ভৰালী৷ তেওঁৰ উপস্থিতি আৰু সাৰগৰ্ভ বক্তব্যই অনুষ্ঠানটিৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে৷

মুকলি সভাতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী বীক্ষণ আৰু প্ৰাচীৰ প্ৰত্ৰিকা বিচ্ছুৰণো উন্মোচন কৰা হয়৷ উপায়ুক্ত মহোদয়ে বীক্ষণ উন্মোচন কৰাৰ বিপৰীতে কমলজিত শৰ্মা ডাঙৰীয়াই বিচ্ছুৰণ উন্মোচন কৰে৷ দুইখন আলোচনীয়ে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উৰ্ত্তীণ হোৱা মহাবিদ্যালয়ৰ ছাত্ৰী ৰজিনা য়াচমিনকো এই সভাতে সম্বৰ্ধনা জনোৱা হয়৷

বিয়লি ছাত্ৰ ছাত্ৰীসকলে নবাগতসকলক উদ্দেশ্য কৰি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়৷ উপাধ্যক্ষ মহোদয়ে ইয়াৰ উদ্বোধন কৰে৷ গীত, নৃত্য, নাটক, অন্তৰংগ অনুষ্ঠান আদিৰ সমাহাৰ ঘটা দিনজোৰা অনুষ্ঠানটিৰ সামৰণি পৰে দলগাঁৱৰ স্থানীয় বিহু দলটিৰ সহযোগত ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা হুচৰিৰ জৰিয়তে৷