সমবেত সংগীত আৰু বনগীত প্ৰতিযোগিতাত অংশগ্ৰহণ

৩১ মাৰ্চ, ২০১৯ তাৰিখে সামাজিক-সাস্কৃতিক অনুষ্ঠান ‘স্বৰলিপি’ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিত সমবেত সংগীত আৰু একক(বনগীত)প্ৰতিযোগিতাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে  অংশগ্ৰহণ কৰে । বাহিৰৰ পৃথিৱীখন এবাৰ চোৱাৰ, নতুন কিবা এটা জনাৰ, শিকাক প্ৰধান উদ্দেশ্য হিচাপে লৈ নিজৰ খোলাটোৰপৰা প্ৰথমবাৰৰ কাৰণে ওলাই গৈ কৰা এই যাত্ৰাত তেওঁলোকে লাভ কৰা উৎসাহ আমাৰ বাবে আনন্দৰ কথা৷ দিনটোত লাভ কৰা বিভিন্ন অভিজ্ঞতা পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কিবা এটা কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা হিচাপে কাম কৰিব বুলি আশা কৰিলোঁ৷

– তাম্ৰপলী ৰাজঅকোঁৱৰ, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ