সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী

ইংৰাজী ৫ নৱেম্বৰ, ২০১৮ তাৰিখে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে ছাত্ৰ সদনৰ সদস্যসকলে মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।বন্তি প্ৰজ্বলনৰে ভূপেনদালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই অধ্যক্ষ মহোদয়ে তেওঁৰ সৃষ্টিৰাজি,ব্যক্তিত্ব আৰু অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা মহত্বপূৰ্ণ অৱদান সম্পৰ্কত চমু বক্তব্য ৰাখে। ইয়াৰ পিছত ছাত্ৰী মমতাজ পাৰবীনে এটি ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী,বিষয়া-কৰ্মচাৰী সকলোৱে মিলি পৰিবেশন কৰা গভীৰ আশাবাদী, মানৱ দৰদী শিল্পী ভূপেনদাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক কালজয়ী গীতটিৰে অনুষ্ঠানটিৰ সামৰণি পেলোৱা হয়।