প্ৰথম বৰ্ষপুতি আৰু নৱাগত আদৰণী সভা

ইংৰাজী যোৱা ১ ছেপ্টেম্বৰ,২০১৮ তাৰিখে মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষপুতি আৰু নৱাগত আদৰণী সভা অনুষ্ঠিত কৰা হয়। পোনতে মুকলি সভা আৰু বিয়লি ছাত্ৰ-ছাত্ৰীৰদ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে। পুৱা ৯-৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ লক্ষীপ্ৰসাদ হাজৰিকাদেৱে। ইয়াৰ পাছতে আৰম্ভ হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সাৰদাকান্ত শৰ্মাদেৱ, দৰং জিলাৰ উপায়ুক্ত শ্ৰী অশোক কুমাৰ বৰ্মন ডাঙৰীয়া, বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত শ্ৰী নৰনাৰায়ণ নাথ ডাঙৰীয়া, ডায়েট ৰ অধ্যক্ষ মাধৱ শৰ্মা ডাঙৰীয়াকে ধৰি আমন্ত্ৰিত অন্যান্য অতিথিসকল।

প্ৰথম বৰ্ষপুতিৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাও উক্ত দিনা উন্মোচন কৰা হয়, যিটো প্ৰথম বছৰ হিচাপে মহাবিদ্যালয়ৰ সকলো সদস্যৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে চিহ্নিত হয়। ইয়াৰ লগত জড়িত সকলোলৈকে অভিনন্দন আৰু ধন্যবাদ।
ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। গীত, নৃত্য, কবিতা-আদিৰে পুৰণি আৰু নবাগত সকলো ছাত্ৰ ছাত্ৰীয়ে সন্মিলিত প্ৰচেষ্টাৰে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ লগতে এক মনোৰম অনুষ্ঠান উপস্থিত সকলোকে প্ৰদান কৰে। শেষত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে দলগাঁৱৰ স্থানীয় বিহু দলে মিলি পৰিবেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটিৰ সামৰণি পৰে।